উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক ভূখণ্ড ভাৰতৰ প্ৰাচ্যলৈ চোৱা নীতিৰ সংসাধনৰ বাবে সবাটোকৈ উৎকৃষ্ট স্থান হিচাপে পৰিগণিত। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে সুপৰিচিত আৰু সেয়েহে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন সাধন অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যাতে ইয়াৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ চুবুৰীয়া দেশসমূহ – বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, মালয়েচিয়া, ভিয়েটনাম, ভূটান আৰু চীনৰ সৈতে এই ক্ষেত্ৰক সংযোগ কৰিব পৰা হয়।
এই আন্তঃগাঁথনিৰ উদ্যোগ গ্ৰহণে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰে সৈতে সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অতি সম্প্ৰতি উত্তৰ-পূৰ্বাঞ্চলত বহুটো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ আঁচনি হাতত লৈছে আৰু কাম আৰম্ভ কৰিছে। এই আঁচনিসমূহৰ কাৰ্য্য সোনকালে সম্পন্ন হ’লে প্ৰাচ্যলৈ চোৱা নীতি বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত সহায়ক হ’ব।
ৰাষ্ট্ৰীয় ঘাইপথ খণ্ডত গ্ৰহণ কৰা হোৱা উদ্যোগসমূহ তলত উল্লেখ কৰা হ’ল:
চীনদেশৰ য়ুনান প্ৰদেশৰ ৰাজধানী চহৰ কুনমিঙক ম্যানমাৰৰ মাধ্যমেৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ কৰিবলৈ ষ্টিলৱেল পথৰ পুনৰ মুকলিকৰণে এই অঞ্চলক দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰে সংযোগ ঘটাই অৰ্থনৈতিক আৰু বাণিজ্যিক দিশৰ চমৎকাৰ উন্নতি সাধন কৰিব। ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথে উত্তৰ-পূৰ্বাঞ্চলত লেখাপানীৰ পৰা ২৩ কিলোমিটাৰ জুৰি জয়ৰামপুৰলৈ থকা বাটচোৱা ষ্টিলৱেল পথৰ ৰূপ লয় আৰু ইয়াক বহল কৰি দুই লেনযুক্ত কৰা কাৰ্য্য ‘এছএআৰডিপি-এনই’ ৰ অধীনত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চীনলৈ যাব পৰা এই পথৰ উন্নয়ন আৰু কমিশ্যনিঙৰ কাৰণে প্ৰয়োজনীয় সহযোগিতাৰ বাবে ম্যানমাৰৰ সৈতে কাম কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰে। ডিব্ৰুগড় আৰু লেখাপানীৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৮ ৰ পুনৰ শ্ৰেণীবিন্যাস কাৰ্য্য বৰ্তমানে সংসাধন কাৰ্য্যৰ অধীনত আছে আৰু ডিব্ৰুগড়ৰ পৰা নুমলীগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ চাৰি লেনযুক্তকৰণ কাৰ্য্য সম্পাদনৰ দায়িত্ব ‘এনএইছআইডিচিএল’ য়ে গ্ৰহণ কৰে।
ASEAN ঘাইপথ যোগাযোগেৰেও দক্ষিণ পূব এছিয়াৰ দেশসমূহৰে সংযোগ কৰিব পাৰি আৰু এই ASEAN ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ ৰে যাব পাৰি। অসমৰ এই ঘাইপথেৰে ডিমাপুৰ, কোহিমা আৰু ইম্ফল হৈ ম্যানমাৰৰ সীমান্তবৰ্তী চহৰ মোৰেহত উপস্থিত হ’ব পাৰি। এই ঘাইপথে থাইলেণ্ড, লাওচ, ভিয়েটনাম, কম্বোডিয়া, মালয়েচিয়া আৰু ইণ্ডোনেচিয়াক একেটা ঘাইপথ হৈ সংযোগ কৰা হিচাপে ই যথেষ্ট গুৰুত্ব বহন কৰে। এই কাৰ্য্যই নিশ্চয়কৈ দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত পৰিৱৰ্তন সাধন কৰিব। ওপৰত উল্লিখিত ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ ৰ ৭১ কিলোমিটাৰ পথ (৯১/০ কিলোমিটাৰৰ পৰা ১৬২/০ কিলোমিটাৰলৈ) ‘এছএআৰডিপি-এনই’ ৰ ‘ফেজ-এ’ ৰ অধীনত দুই লেনযুক্ত পথলৈ ইতিমধ্যে ইয়াৰ উন্নয়ন সাধন কৰা হয় আৰু ইতিমধ্যেই এই ঘাইপথ এছিয়ান হাইওৱে নম্বৰ ১ হিচাপে ঘোষণা কৰা হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ ১৫২ অসমৰ পৰা পোনপটীয়াকৈ ভূটানৰ সৈতে সংযোজিত হৈছে। ‘এছএআৰডিপি-এনই (ফেজ-এ)’ ৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ১৫২ ৰ ৩৮ কিলোমিটাৰ পথ দুই লেনযুক্ত ঘাইপথ হিচাপে ইয়াৰ উন্নয়ন সাধন কৰা হয়। এই উন্নয়নৰ ফলস্বৰূপে ভূটান আৰু অন্য দেশৰ সৈতে সংযোগ স্থাপন কৰাৰ বহু সুযোগৰ সৃষ্টি হৈছে। অতি সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ নং ১২৭ (চি) আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১২৭ (ডি) ঘোষণা কৰা হৈছে যি পূব-পশ্চিম কৰিডৰ হৈ ভূটানৰ সৈতে সংযোজিত হৈছে।
বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাক সংযোগ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই পথসমূহ হৈছে:
(১) গুৱাহাটী-যোৰাবাট-শ্বিলং-ডাউকী-চিলেট-ঢাকা। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৪০ ৰে বাংলাদেশক সংযোগ কৰা এই পথৰ দৈৰ্ঘ্য মুঠ ৪৬৭ কিলোমিটাৰ।
(২) গুৱাহাটী-যোৰাবাট-শ্বিলং-কৰিমগঞ্জ-সুতাৰকান্দি-চিলেট- ঢাকা। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭, ৪০, ৪৪ আৰু ১৫১ হৈ বাংলাদেশক সংযোগ কৰা এই ঘাইপথৰ দৈৰ্ঘ্য মুঠ ৬৫৭ কিলোমিটাৰ।
(৩) গুৱাহাটী-পাইকান-ডলু-ঢাকা। ৩৭ আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মুঠ ২৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতীয় প্ৰদেশৰ অন্তৰ্ভুক্ত এই ঘাইপথ (৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ) ৰ (অসমৰ অংশ) ৰ সম্পূৰ্ণ ২২ কিলোমিটাৰ পথ ‘এছএআৰডিপি-এনই’ ৰ অধীনত গড়কাপ্তানি বিভাগে দুই লেনযুক্ত পথলৈ উন্নীত কৰিছে।
ওপৰত উল্লিখিত পথসমূহৰ উন্নয়নে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সুগম কৰাৰ উপৰিও ন ন সুযোগৰ দুৱাৰ মুকলি কৰিব।
অৰুণাচল প্ৰদেশৰ মাধ্যমেৰে চীনৰ সৈতে সংযোগ :
(ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা বাইহাটা চাৰিআলিৰ পৰা ধেমাজিলৈ সংযোজিত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচল প্ৰদেশক সংযোগ কৰা এক প্ৰধান পথ। অনাগত সময়ত এই পথৰ উন্নয়ন সাধন কৰি আৰু বিস্তৃত কৰি অৰুণাচল প্ৰদেশৰ টাৱাঙৰে সৈতে তিব্বত আৰু চীনক সংযোজন কৰিব পাৰে।
(খ) ইটানগৰত প্ৰস্তাৱিত চাৰি লেনযুক্ত সংযোগ পথ যি নগাওঁৰ ওচৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ পৰা আৰম্ভ হৈছে সেই পথৰ সংসাধন কাৰ্য্য ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে। ইয়াৰ ডিপিআৰ আৰু সাধ্যতাৰ প্ৰতিবেদন ইতিমধ্যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ত দাখিল কৰা হৈছে। এই পথেৰে পোনপটীয়াকৈ চীনৰ সৈতে সংযোগ কৰাৰ দিশত সাম্ভাব্য প্ৰচেষ্টা চলাই থকা হৈছে।
সমাজৰ সকলো স্তৰতে প্ৰাচ্যলৈ চোৱা নীতিয়ে সুপ্ৰভাৱ পেলাব পৰাকৈ উন্নয়নৰ দিশত তলত উল্লিখিত বিষয়সমূহে গুৰুত্ব বহন কৰে।
সৰহ সংখ্যক দক্ষিণ পূব এছিয়াৰ দেশসমূহ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰে সৈতে নিকটভাৱে সংযোগ হ’ব পৰা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে পূবলৈ চোৱা নীতিত উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে কিছুসংখ্যক আভ্যন্তৰীণ সংযোগ পথ যিসমূহ অনুন্নত ৰূপত আছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে সেইসমূহৰ উন্নয়ন সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়:
অনাগত দহ বছৰৰ ভিতৰত উল্লিখিত হেৰাই যাব পৰা প্ৰধান সংযোগ পথসমূহ এটি পৰিকল্পিত ৰূপত ব্যৱহাৰৰ উপযোগীকৈ ৰূপান্তৰ সাধন কৰাটো অতিকৈ প্ৰয়োজনীয় বিষয় যাতে ৰাজ্যই এটা সংহত পথ সংযোগ ব্যৱস্থা লাভ কৰিব পাৰে। ওপৰত উল্লিখিত হেৰাই যাবলৈ ধৰা পথসমূহৰ উন্নয়ন কাৰ্য্য সম্পূৰ্ণ হ’লেহে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগিক বিকাশ ফলপ্ৰসূ হ’ব।
অসমৰ পূব-পশ্চিম সংযোগী পথ (ইষ্ট-ৱেষ্ট কৰিডৰ) ৰ নিৰ্মাণ কাৰ্য্য ‘এনএইছএআই’ য়ে ২০১৭ চনত সম্পূৰ্ণ কৰিব। শ্ৰীৰামপুৰৰ পৰা শিলচৰলৈ ৬৭০ কিলোমিটাৰ দূৰত্ব আৱৰি থকা চাৰি লেনযুক্ত পথ সংযোগ অবিৰতভাৱে ঘাইপথত যান বাহন চলনৰ দিশত সহায়ক হোৱাকৈ উপলব্ধ হ’ব আৰু অনতিপলমে এই ঘাইপথ মৰেহৰে গৈ ম্যানমাৰক সংযোগ কৰিব। ৰাষ্ট্ৰীয় ঘাইপথ ৫৩ ৰ ৬০ কিলোমিটাৰ জুৰি পথ ‘এছএআৰডিপি-এনই (ফেজ এ)’ ৰ অধীনত আৰু আংশিকভাৱে গড়কাপ্তানি বিভাগৰ অধীনত আৰু আংশিকভাৱে ‘বিআৰঅ’ ৰ অধীনত দুই লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে কাম কৰি থকা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অধিক উন্নত অৰ্থনৈতিক বিকাশ, জীৱনশৈলী, জনমূৰি আয় আদি বিকাশৰ লক্ষ্যৰে অসমৰ মাজেৰে ম্যানমাৰৰ সৈতে সংযোগ কৰিব বিচৰা পথসমূহ তলত দিয়া ধৰণৰ –
ক্ৰ. নং. | ৰাষ্ট্ৰীয় ঘাইপথ নং | পৰা | লৈ | দৈৰ্ঘ্য |
---|---|---|---|---|
১ | ৩১(চি), ৩১, ৩৭, ৩৬, ৫৪ | শ্ৰীৰামপুৰ | শিলচৰ | ৬৭০ কিলোমিটাৰ |
২ | ৫৩ | শিলচৰ | জিৰিবাম | ৬০ কিলোমিটাৰ |
৩ | ৩৯ | জিৰিবাম | মৰেহ | ৩১৯ কিলোমিটাৰ |
ক্ৰ. নং. | ৰাষ্ট্ৰীয় ঘাইপথ নং | পৰা | লৈ | দৈৰ্ঘ্য |
---|---|---|---|---|
১ | ৩১(চি), ৩১, ৩৭ | শ্ৰীৰামপুৰ | নগাওঁ | ৩৮২ কিলোমিটাৰ |
২ | ৩৬ | নগাওঁ | ডবকা | ৩৮ কিলোমিটাৰ |
৩ | ৩৬ | ডবকা | ডিমাপুৰ | ১২৩ কিলোমিটাৰ |
৪ | ৩৯ | ডিমাপুৰ | মৰেহ | ৩১৭ কিলোমিটাৰ |
ক্ৰ. নং. | ৰাষ্ট্ৰীয় ঘাইপথ নং | পৰা | লৈ | দৈৰ্ঘ্য |
---|---|---|---|---|
১ | ৩১(চি), ৩১, ৩৭ | শ্ৰীৰামপুৰ | নগাওঁ | ৩৮২ কিলোমিটাৰ |
২ | ৩৭ | নগাওঁ | নুমলীগড় | ১৩০ কিলোমিটাৰ |
৩ | ৩৯ | নুমলীগড় | ডিমাপুৰ | ১০৭ কিলোমিটাৰ |
৪ | ৩৯ | ডিমাপুৰ | মৰেহ | ৩১৭ কিলোমিটাৰ |