অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগে অসমত ২০ বছৰৰ বাবে পাৰস্পেক্টিভ ইনফ্ৰাষ্টাকচাৰ ডেভেলপমেণ্ট প্লেন (পিআইডিপি) ৰ প্ৰস্তুতিৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। ‘পিআইডিপি’ ৰ প্ৰস্তুতকৰণত গুৰুত্ব প্ৰদান কৰা খণ্ডসমূহ হৈছে পথ আৰু আভ্যন্তৰীণ জলপথ পৰিবহণ, শক্তি, নগৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক আন্তঃগাঁথনি।
উত্তৰ পূব ভাৰতক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত অসমৰ ৪৮,৩৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ আন্তৰ্জাতিক সীমাৰ সৈতেও এই পথ সংযোজিত হৈ আছে আৰু এই দেশসমূহৰ সৈতে ই দুৱাৰমুখৰ ভূমিকা পালন কৰি আহিছে। ৰাজ্যৰ পথ সংযোগে আন্তঃৰাজ্যিক যান-বাহনকে সামৰি লৈ ৰাজ্যৰ মুঠ মালবাহী যান-বাহনৰ অতি গুৰুত্বপূৰ্ণ ৭৪ শতাংশ বহন কৰি আহিছে।
ৰাজ্যৰ সৰ্বাংগীণ আন্তঃগাঁথনি দৰ্শনে বিভিন্ন খণ্ডৰ সামগ্ৰিক, নীতি পৰ্যায় আৰু প্ৰতিষ্ঠানিক মধ্যবৰ্তিতা সামৰি লয়। ফলপ্ৰসূ আৰু সুদক্ষ কাৰ্য্য সম্পাদনেৰে ইয়াত আশা কৰা হোৱা দিশসমূহ হৈছে –