জাননী নং ACL.43/2004/15111 ডিচেম্বৰ ২০১০ অনুসৰি পহিলা মাৰ্চ ২০১৫ ত সংশোধিত ৰূপৰ পাৰিশ্ৰমিকৰ হাৰ তলত দিয়া ধৰণৰ –
ক্ৰ. নং. | শ্ৰমিকৰ শ্ৰেণী | পাৰিশ্ৰমিকৰ পৰিমাণ |
---|---|---|
১ | নিপুণ শ্ৰমিক (আই টি আই প্ৰমাণপত্ৰধাৰী) | ২২৭ টকা। |
২ | নিপুণ শ্ৰমিক (আই টি আই প্ৰমাণপত্ৰধাৰী নহ’লে) | ১৭৫ টকা |
৩ | অনিপুণ শ্ৰমিক | ১৬৯ টকা |
এদিনত আঠ ঘণ্টাতকৈ অধিক আৰু সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক সময় কাম কৰিলে সাধাৰণ পাৰিশ্ৰমিকৰ পৰিমাণৰ দুগুণ প্ৰদান কৰা হয়।
২৬ জানুৱাৰী, ১ মে’, ১৫ আগষ্ট আৰু ২ অক্টোবৰ এই দিনকেইটা সকলো শ্ৰমিকৰ বাবে বৈতনিক বন্ধৰ দিন হিচাপে প্ৰদান কৰা হয়।
কেলেণ্ডাৰ বৰ্ষ অনুসৰি সকলো শ্ৰমিকলৈ সাত দিনলৈ উৎসৱ উপভোগৰ বাবে বেতন সহকাৰে ছুটী প্ৰদান কৰা হয়।
কেলেণ্ডাৰ বৰ্ষ অনুসৰি প্ৰতি ২০ দিনৰ কৰ্ম সম্পাদনৰ বিপৰীতে এদিন ছুটী প্ৰদান কৰা হয়।
পূৰ্বৱৰ্তী মাহ যিটো মাহত ছুটী প্ৰদান কৰা হয় সেই মাহৰ পৰৱৰ্তী মাহত ২৫ দিনৰ গড় বেতন প্ৰদান কৰা হয় আৰু এই আবেদন প্ৰতি বিকল্প বৰ্ষত এবাৰকৈ প্ৰযোজ্য হয়।