মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

শ্ৰমিকৰ বেতনৰ হাৰ

জাননী নং ACL.43/2004/15111 ডিচেম্বৰ ২০১০ অনুসৰি পহিলা মাৰ্চ ২০১৫ ত সংশোধিত ৰূপৰ পাৰিশ্ৰমিকৰ হাৰ তলত দিয়া ধৰণৰ –

ক্ৰ. নং.শ্ৰমিকৰ শ্ৰেণীপাৰিশ্ৰমিকৰ পৰিমাণ
১নিপুণ শ্ৰমিক (আই টি আই প্ৰমাণপত্ৰধাৰী)২২৭ টকা।
২নিপুণ শ্ৰমিক (আই টি আই প্ৰমাণপত্ৰধাৰী নহ’লে)১৭৫ টকা
৩অনিপুণ শ্ৰমিক১৬৯ টকা

অতিৰিক্ত সময়ৰ পাৰিশ্ৰমিক

এদিনত আঠ ঘণ্টাতকৈ অধিক আৰু সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক সময় কাম কৰিলে সাধাৰণ পাৰিশ্ৰমিকৰ পৰিমাণৰ দুগুণ প্ৰদান কৰা হয়।

বৈতনিক বন্ধৰ দিন

২৬ জানুৱাৰী, ১ মে’, ১৫ আগষ্ট আৰু ২ অক্টোবৰ এই দিনকেইটা সকলো শ্ৰমিকৰ বাবে বৈতনিক বন্ধৰ দিন হিচাপে প্ৰদান কৰা হয়।

উৎসৱৰ বন্ধ

কেলেণ্ডাৰ বৰ্ষ অনুসৰি সকলো শ্ৰমিকলৈ সাত দিনলৈ উৎসৱ উপভোগৰ বাবে বেতন সহকাৰে ছুটী প্ৰদান কৰা হয়।

বেতন সহকাৰে বছৰেকীয়া ছুটী

কেলেণ্ডাৰ বৰ্ষ অনুসৰি প্ৰতি ২০ দিনৰ কৰ্ম সম্পাদনৰ বিপৰীতে এদিন ছুটী প্ৰদান কৰা হয়।

ভ্ৰমণ ছুটী অনুমোদন

পূৰ্বৱৰ্তী মাহ যিটো মাহত ছুটী প্ৰদান কৰা হয় সেই মাহৰ পৰৱৰ্তী মাহত ২৫ দিনৰ গড় বেতন প্ৰদান কৰা হয় আৰু এই আবেদন প্ৰতি বিকল্প বৰ্ষত এবাৰকৈ প্ৰযোজ্য হয়।