৫ মে’ ২০১০ ৰ পৰা আয়ুক্ত আৰু বিশেষ সচিবৰ অধ্যক্ষতাত আৰু দুগৰাকী সঞ্চালকালয়ৰ মুৰব্বীৰ সহযোগত গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে পৃথক বিভাগ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
বিভাগৰ সঞ্চালকালয় পৰ্যায়ৰ মুৰব্বী হিচাপে মুখ্য অভিযন্তাই এই বিভাগৰ দায়িত্ব পালন কৰে।
মুখ্য অভিযন্তা (গৃহ):
সকলো প্ৰকাৰৰ চৰকাৰী ভৱনৰ নিৰ্মাণ, মেৰামতি আৰু পৰিচালনা মুখ্য অভিযন্তা (গৃহ) ৰ কৰ্তব্যৰ গণ্ডিৰ ভিতৰত পৰে।
মুখ্য অভিযন্তা (ৰাষ্ট্ৰীয় ঘাইপথ):
ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো প্ৰকাৰৰ কাৰ্য্যসমূহ যেনে নিৰ্মাণ, উন্নীতকৰণ, মেৰামতি আৰু পৰিচালনা আদি মুখ্য অভিযন্তা (ৰাষ্ট্ৰীয় ঘাইপথ) ৰ কৰ্তব্যৰ গণ্ডিৰ ভিতৰত পৰে।
ইয়াৰে আকৌ দুটা ভাগ আছে – যান্ত্ৰিক আৰু বৈদ্যুতিক। অতিৰিক্ত মুখ্য অভিযন্তাই ইয়াৰ প্ৰধান দায়িত্ব পালন কৰে।
ইয়াৰ বৈদ্যুতিক শাখা গড়কাপ্তানি (গৃহ) ৰ মুখ্য অভিযন্তাৰ নিয়ন্ত্ৰণাধীন আৰু যান্ত্ৰিক শাখাই আয়ুক্ত আৰু বিশেষ সচিব (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) ৰ অধীনত বিভিন্ন যন্ত্ৰ শাখাৰ কাৰ্য্য সম্পন্ন কৰে।