প্ৰাক স্বাধীনতা কালৰে পৰা অসম গড়কাপ্তানি বিভাগে এক গৌৰৱময় ইতিহাস বহন কৰি আহিছে। এই বিভাগ প্ৰধানকৈ পথ, দলং আৰু চৰকাৰী গৃহ নিৰ্মাণ ইত্যাদি কাৰ্য্যৰ সৈতে জড়িত।
ইংৰাজ শাসনৰ অধীনত ১৮৮০ চনত অসম গড়কাপ্তানি বিভাগ প্ৰতিষ্ঠা হয়। আৰম্ভণিতে এই বিভাগে ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন, নিৰ্মাণকাৰ্য্য আৰু পৰিচালনাৰ দায়িত্ব পালন কৰিছিল কিন্তু পিছলৈ ১৯৫৬ চনত ই বিকশিত হৈ স্বাধীন বিভাগ হিচাপে প্ৰতিষ্ঠিত হয়। দেশে স্বাধীনতা লাভ কৰাৰ পিছত এই বিভাগৰ মসৃণ কাৰ্য্য সম্পাদনৰ দিশত চকুত লগাকৈ বিকাশ সাধন হয় আৰু বৰ্ধিত উন্নয়নমূলক কাৰ্য্যৰ দায়িত্ব ভগাই লৈ পালন কৰাৰ জোখাৰে বিস্তৃত ৰূপ ধাৰণ কৰে। ১৯৭৭ চনৰ আগষ্ট মাহত অসম গড়কাপ্তানি বিভাগ ঘাইপথ আৰু গৃহ এই দুটি ভাগত বিভক্ত হয় আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ এই শাখা দুটাই ইহঁতৰ পৰিচয় অনুসৰি দায়িত্ব পালন কৰি আহিছে।
গড়কাপ্তানি বিভাগৰ প্ৰধান কাৰ্য্য হৈছে ৰাজ্যৰ পৰিবহণ আৰু যোগাযোগ খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা। অসম গড়কাপ্তানি বিভাগে ৰাজ্যৰ পথ, দলং, কালভাৰ্ট আদিৰ লগতে ৰাজ্যৰ ৰাজহুৱা অট্টালিকাসমূহৰ নিৰ্মাণ আৰু মেৰামতি আদি কাৰ্য্য সম্পাদনেৰে সুনাম আৰু সক্ষমতাৰ এক উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে।
২০১০ চনত এই গড়কাপ্তানি বিভাগ দুটা পৃথক বিভাগত বিভক্ত হয়। ইয়াৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ শাখা এগৰাকী আয়ুক্ত আৰু বিশেষ সচিবৰ অধীনত আৰু পথৰ শাখা আন এগৰাকী আয়ুক্ত আৰু বিশেষ সচিবৰ দায়িত্বৰ অধীনত প্ৰদান কৰা হয়।
সেই সময়ৰ ৫ মে’ তাৰিখ ২০১০ চনৰ পৰা আয়ুক্ত আৰু বিশেষ সচিবে মুৰব্বীৰূপে দুগৰাকী সঞ্চালকালয় প্ৰধানৰ সহযোগত গড়কাপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক পৃথক বিভাগ হিচাপে পৰিচালনাৰ দায়িত্ব বহন কৰে।