অধিক
সেউজ ঘাইপথ
প্ৰধান বৈশিষ্ট্যসমূহ পথৰ দুয়োপাৰে বৃক্ষ ৰোপণ কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ ঘাইপথ দুটা বৰ্গত বিভক্ত কৰা হয়। এনে ক্ষেত্ৰসমূহত য’ত ঘাইপথৰ দাঁতিত থকা অৰণ্যক সংৰক্ষিত অৰণ্য হিচাপে চিনাক্ত কৰা হয় তেনে ঠাইসমূহত বন সংৰক্ষণ আইন ১৯৮০ ৰ নিয়ম অনুসৰি গছ কাটিবলৈ বন বিভাগৰ অনুমতি গ্ৰহণ কৰিব লাগে। এনে অনুমতি প্ৰদানৰ বাবদ বন বিভাগে নিৰ্বননীকৰণৰ ক্ষতিপূৰণ হিচাপে আৰু বাট নিৰ্মাণৰ বাবে স্বৰ্ত আৰোপ কৰে। অন্যান্য ক্ষেত্ৰসমূহত পথৰ দাঁতিৰ বৃক্ষৰোপণ কাৰ্য্য ঠিকাদাৰৰ জৰিয়তে নতুবা বন বিভাগ আৰু এনে বিভাগ যি ৰাজ্যৰ জলবিভাজন বিকাশ, জিলা পৰ্যায়ত ৱাটাৰশ্বেড চেলকাম-ডেটা চেণ্টাৰ, স্থানীয় পৰ্যায়ৰ জলবিভাজন সমিতিৰ সৈতে জড়িত সম্প্ৰদায়, স্থানীয় চৰকাৰ, মহিলা আত্মসহায়ক গোট, যুটীয়া বন ব্যৱস্থাপনা সমিতি ইত্যাদি বিভাগৰ কনচেশ্যনাৰৰ জৰিয়তে কৰা হয়। বিদ প্ৰক্ৰিয়াৰ জৰিয়তে বৃক্ষৰোপণ আৰু ইয়াৰ পৰিচালনাৰ বাবে বাহিৰা উৎস আহৰণ কৰা হয়। এই আঁচনিয়ে নিৰ্দিষ্ট ক্ষেত্ৰৰ বৃক্ষ ৰোপণ কৰাৰ বাবে ‘টাৰ্ণ কী’ আধাৰত ধন লাভ কৰে। গছ-গছনি কটাৰ পৰিৱৰ্তে অন্য গছ ৰোপণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় আৰু সুৰক্ষা প্ৰদান কৰা হয়। MoRTH/NHAI য়ে NHAI ৰ দ্বাৰা উন্নীত কৰা হোৱা IHMCL ক বৃক্ষৰোপণ সংস্থাসমূহক নথিভুক্তকৰণৰ কাৰণে কৰ্তৃত্ব প্ৰদান কৰিছে। মাথোন নথিভুক্ত সংস্থাসমূহেহে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃক্ষৰোপণ কৰাৰ বিদ লাভ কৰিবলৈ অনুমতি লাভ কৰিব পাৰে। এই বৃক্ষৰোপণ আঁচনি দুটা ভাগত বিভক্ত কৰা হয় – (১) ঘাইপথৰ দাঁতিত দীঘলীয়াকৈ ঘাঁহ, গুল্মজাত/ঔষধি উদ্ভিদ ৰোপণ। (২) মধ্যৱৰ্তী ক্ষেত্ৰ, বিশেষ ঠাই, এমবাৰ্কমেণ্ট ঢাল ইত্যাদি বিশেষ ঠাইত বৃক্ষৰোপণ। গছ-গছনিৰ সফল ৰোপণৰ বাবে ঠাইসমূহৰ উপযুক্ততা নিশ্চিত কৰাটো বৃক্ষৰোপণ সংস্থাৰ দায়িত্ব। ক্ষেত্ৰ জৰীপৰ অংশ হিচাপে স্থানীয় উদ্ভিদ আৰু শাক-পাচলিৰ বিষয়ে অধ্যয়নৰ ব্যৱস্থা কৰা হৈছে যিয়ে বিশেষ ক্ষেত্ৰসমূহৰ বাবে উপযুক্ত প্ৰজাতি বাছি লোৱাত সহায় কৰিব। বন বিভাগ আৰু উদ্যানপাল বিভাগৰ স্থানীয় নিপুণ ব্যক্তিৰ সহায়ত অঞ্চল ভিত্তিক উদ্ভিদৰ বিশেষ বাছনিৰ ব্যৱস্থা কৰা হ’ব। সংলগ্ন বন বিভাগৰ নিৰ্দেশ আৰু পৰামৰ্শ ক্ৰমে উদ্ভিদৰ প্ৰজাতিৰ নিৰ্বাচন কৰা হয়। যিকোনো উদ্ভিদ ৰোপণ কৰাৰ আগতে ইয়াক যত্ন কৰি ডাঙৰ-দীঘল কৰা, পৰিচালনা আদিৰ ক্ষেত্ৰত সৃষ্টি হ’ব পৰা অসুবিধাৰ বিষয়ত স্থানীয় বন বিভাগক পৰামৰ্শ প্ৰদান কৰা। পথৰ দাঁতিত বৃক্ষৰোপণৰ ক্ষেত্ৰত নডেল সংস্থাসমূহক স্থানীয় স্ব-প্ৰশাসন, আত্মসহায়ক গোট আৰু ‘জেএফএমচি’ সমূহক জড়িত কৰাবলৈ উৎসাহ প্ৰদান কৰা হয়। বৃক্ষৰোপণৰ অগ্ৰগতিৰ বিষয়ে নিয়মীয়াকৈ বুজ ল’বলৈ এটি নিৰীক্ষণ সংস্থা থাকে। এই সংস্থাই ক্ষেত্ৰ পৰীক্ষণৰ উদ্দেশ্যে ক্ষেত্ৰসমূহৰ দৰ্শন কৰে। এই সংস্থাই প্ৰতিবেদন সমূহ পৰীক্ষা কৰে আৰু ইয়াৰ ওপৰত সংস্থা, নডেল এজেন্সি সমূহলৈ মতামত আগবঢ়ায়। লগতে NHAI/MoRTH ৰ পৰামৰ্শক্ৰমে এটি বিস্তৃত প্ৰতিবেদন প্ৰেৰণ কৰে। পৰ্যবেক্ষণ কোষক পৰামৰ্শ প্ৰদানৰ উদ্দেশ্যে এখন উপদেষ্টা সমিতি গঠন কৰা হ’ব। পৰ্যবেক্ষণ সংস্থাই সম্পাদন লেখকাৰ্য্য পৰিচালনা কৰিব। গছ-গছনি ৰোপণ কৰাৰ পিছত সকলো স্তৰতে ঠিকা গ্ৰহণৰ এটা বছৰলৈ গছ-গছনি সমূহ ৯০% স্বাভাৱিক আকৃতি আৰু গঠনেৰে সৈতে জীয়াই থাকিব লাগিব। বৃক্ষৰোপণ কাৰ্য্যসূচীৰ অধীনৰ ভূমিত বৃক্ষৰোপণ কাৰ্য্যৰ সৈতে জড়িত সংস্থাৰ অন্য কোনো অধিকাৰ নাথাকিব। এই সংস্থাসমূহে এই ভূমি অন্য কোনো কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। কাৰিকৰী শ্ৰেণীবিভাজন, প্ৰজাতি, সূচী পৰিচালনা, ধন প্ৰদানৰ স্বৰ্ত আৰু নিয়ম ইত্যাদি কাৰ্য্যসূচীৰ বাবে সংস্থাই ‘এম অ ইউ’ ৰ সৈতে চুক্তিবদ্ধ হয়। পথ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে এই বৃক্ষৰোপণ কাৰ্য্য সম্পন্ন কৰা হয় আৰু এই বৃক্ষৰোপণৰ জৰিয়তে এয়া লক্ষ্য ৰখা হয় যাতে এই বৃক্ষ সমূহে যান-বাহনৰ চালনৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। এই অসুবিধাৰ ভিতৰত গছৰ ডালৰ কাৰণে পথ দেখা নোপোৱা হোৱা আদি অন্যতম। সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শনকাৰী সংস্থাসমূহক বছৰেকত পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিয়ম ভংগকাৰী সংস্থাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। নীতিসমূহ নিয়মিত ৰূপত পৰ্যবেক্ষণ কৰা হয়। গছ-গছনি ৰোপণৰ নিধিৰ মুঠ আঁচনি ব্যয়ৰ এক শতাংশ কৰ্তৃত্বশীল সংস্থাৰ পৃথক একাউণ্টত ৰখাৰ ব্যৱস্থা কৰা হয়। সংস্থাসমূহক সূচীবদ্ধ কৰিবলৈ NABARD ৰ সেৱা নিযুক্ত কৰা হয়।