পৰিৱেশিকভাৱে এক দায়িত্বশীল বিভাগ হিচাপে গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে আটাইবোৰ গুৰুত্বপূৰ্ণ চৰকাৰী অট্টালিকাৰ ২৫০০ বৰ্গমিটাৰৰ অধিক অঞ্চল সেউজ অট্টালিকা হিচাপে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সেউজ অট্টালিকাসমূহে নিৰ্মাণৰ সময়ছোৱাত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সীমিত হোৱাত সহায় কৰে। সেউজ অট্টালিকাৰ নক্সা অনৱীকৰণ যোগ্য সম্পদসমূহৰ ব্যৱহাৰ সীমিত কৰা, ব্যৱহাৰৰ সময়ছোৱাত ইয়াৰ ফলপ্ৰসূতা বৃদ্ধি আৰু নৱীকৰণযোগ্য সম্পদসমূহৰ পুনৰ ব্যৱহাৰ, ৰিচাইকেল ইত্যাদি কাৰ্য্যৰ উদ্দেশ্যে প্ৰস্তুত কৰি তোলা হৈছে।
নিৰ্মাণৰ সময় আৰু ব্যৱহাৰৰ সময় উভয় সময়তে সউজ অট্টালিকাসমূহে কম প্ৰদূষণ সৃষ্টি কৰে। সেউজ অট্টালিকাসমূহে উচিত সুৰক্ষা, স্বাস্থ্য আৰু অনাময় নিশ্চিত কৰে। নিৰ্মাণৰ সময়ছোৱাত ই শ্ৰমিকসকলক আৰু ইয়াত বাস কৰা সময়ছোৱাত ইয়াত বসবাস কৰা লোকসকলক সুবিধা প্ৰদান কৰে। সেউজ অট্টালিকাসমূহে উচ্চ ‘অডিপি’ ৰ ব্যৱহাৰত বাধা প্ৰদান কৰে।
প্ৰচলিত শক্তি উৎসৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে বিভাগে মূধচত স্থাপিত সৌৰ শক্তি ব্যৱস্থাৰ উন্নয়ন সাধন কৰিছে।
নিৰ্গমন/পুনৰ ব্যৱহাৰ কৰাৰ আগতে ১০ কেএলডি ৰ অধিক বৰ্জনীয় পানী ট্ৰিট কৰাৰ আঁচনি। ছইল বায়টেকন’লজিৰ ওপৰত নিৰ্ভৰশীল জিৰ’ এনাৰ্জি ফুটপ্ৰিণ্টেৰে পৰিচিত এয়া এক সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতি।
কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ নতুন নিৰ্মাণ সামগ্ৰী যেনে চেলুলাৰ লাইট কংক্ৰিট, এএচি ব্লক আদিৰ ব্যৱহাৰ কৰা হৈছে।
বিদ্যুৎ শক্তি হ্ৰাস কৰাৰ বাবে ইচিবিচি ২০০৭ বাধ্যতামূলক কৰা হৈছে।