মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

ইণ্ডিয়ান ৰোডছ কংগ্ৰেছ

উৎপত্তি

  • দেশৰ পথ খণ্ডৰ অভিযন্তা আৰু পেশাদাৰীসকলৰ মেৰুদণ্ডস্বৰূপ ইণ্ডিয়ান ৰোড কংগ্ৰেছ (আইআৰচি) ৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হ’লে আমি উভতি যাব লাগিব ১৯২৭ চনত তেতিয়াৰ ভাৰত চৰকাৰৰ দ্বাৰা গঠিত শ্ৰী এম আৰ জয়ক্কৰৰ অধ্যক্ষতাত স্থাপিত হোৱা পথ উন্নয়ন সমিতিলৈ। এই সমিতিয়ে পথ নিৰ্মাণ, পৰিচালনা আৰু উন্নয়ন আদি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সময়ে সময়ে সভাৰ আয়োজন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল। পৰ্যায়ক্ৰমে সময়ে সময়ে আয়োজিত হোৱা পথৰ আলোচনাচক্ৰৰ পৰিৱৰ্তে পথ পুঁজি আৰু বিস্তৃত আৰু স্থায়ী সংগঠন গঢ়ি তোলাৰ প্ৰয়োজনীয়তা অনুভৱৰ ফচলস্বৰূপে ইণ্ডিয়ান ৰোড কংগ্ৰেছ (আইআৰচি) প্ৰতিষ্ঠিত হয়।
  • ইণ্ডিয়ান ৰোড কংগ্ৰেছ (আইআৰচি) ৰ উদ্বোধনী সভাখন ১৯৩৪ চনৰ ১০ ডিচেম্বৰ তাৰিখ সোমবাৰে তেতিয়াৰ ভাৰত চৰকাৰৰ উদ্যোগ আৰু শ্ৰম বিভাগ, গড়কাপ্তানি শাখাৰ সচিব মিষ্টাৰ ডি জি মিটছেলৰ অধ্যক্ষতাত নতুন দিল্লীৰ টাউন হলত অনুষ্ঠিত হয়। সেই সময়ৰ দেশৰ সকলো প্ৰান্তৰ পৰা ৭৩ গৰাকী অভিযন্তাই এই সভাত অংশগ্ৰহণ কৰে। এয়াই ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ আৰম্ভণি।
  • ইণ্ডিয়ান ৰোড কংগ্ৰেছ (আইআৰচি) ৰ কাৰ্য্যৰ বিস্তাৰ সাধন হোৱাৰ লগে লগে ১৮৬০ চনৰ চছাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত ১৯৩৭ চনৰ ২৪ ছেপ্তেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে ইয়াক সমাজৰূপে পঞ্জীয়ন কৰা হয়।
  • ১৯৩৪ চনত ৭৩ সদস্যৰে আৰম্ভ হোৱা ‘আইআৰচি’ ৰ বৰ্তমানে পাঁচ মিলিয়নৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগী আছে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ড, গৱেষণা প্ৰতিষ্ঠান, স্থানীয় গোট, ব্যক্তিগত খণ্ড, অধিকাৰপ্ৰাপ্ত সংস্থা, ঠিকাদাৰ, পৰামৰ্শদাতা, সঁজুলি প্ৰস্তুতকৰ্তা, যন্ত্ৰ প্ৰস্তুতকৰ্তা, সামগ্ৰী প্ৰস্তুতকৰ্তা আৰু যোগান ধৰোঁতা, উদ্যোগিক সংস্থা, বিশ্ব বেংক, এডিবি, জেআইচিএ, জেআৰএ, আইআৰএফ ইত্যাদি পথ খণ্ডৰ সকলো অংশীদাৰৰ অভিযন্তা আৰু পেশাদাৰী ব্যক্তি লগ লগাই ১৬,৭০০ ৰ অধিক পঞ্জীকৃত সদস্য আছে।

দৃষ্টি

  • সৰ্বোৎকৃষ্ট গোলকীয় অনুশীলনৰ জ্ঞান আহৰণ আৰু পথ, দলং আৰু পথ পৰিচালনাৰ বাবে অগ্ৰণী প্ৰযুক্তিৰ মান বৈশিষ্ট্যসমূহৰ ব্যৱহাৰৰ বাবে জ্ঞান আহৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ ৰাষ্ট্ৰৰ সবাটোকৈ পেশাদাৰী প্ৰতিনিধি, বহুমুখী প্ৰতিষ্ঠান ৰূপে গঢ়ি উঠা।
  • পথ দুৰ্ঘটনামুক্ত অৱস্থা আৰু অৰ্থনৈতিক বিকাশ আৰু জীৱন ধাৰণৰ মানদণ্ডৰ দিশত অৰিহণা আগবঢ়োৱাৰ লক্ষ্যৰে ফলপ্ৰসূ পৰিবহণ ব্যৱস্থাৰ ওপৰত মনোযোগ প্ৰদান।
  • পৰিষ্কাৰ, কম প্ৰগাঢ় শক্তিসম্পন্ন আৰু কম প্ৰদূষণ সৃষ্টি কৰা নিৰ্মাণ প্ৰযুক্তি, পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰি তোলা পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ আহৰণ হ্ৰাস কৰি পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনা (ইনভাইৰণমেণ্ট মেনেজমেণ্ট প্লেন) ৰ অধীনৰ নিৰ্মাণ/পৰিবহণ আঁচনিসমূহৰ বাবে কাৰ্বন ক্ৰেডিট আহৰণৰ পেশাৰ প্ৰতি উদ্গনি প্ৰদান কৰা আদি পৰিৱেশ সম্বন্ধীয় গোলকীয় উদ্যোগসমূহৰ বিকাশ সাধনৰ বাবে ইয়াক নিজকে শ্ৰেণীবদ্ধ কৰা।

উদ্দেশ্য

  • জ্ঞান বিলাই দিবলৈ আৰু আমাৰ অভিজ্ঞতাসমূহ আহৰণ কৰি পথ নিৰ্মাণ আৰু পথ পৰিবহণৰ সংযুক্ত নীতিক সামৰি লৈ পথ খণ্ডৰ সৈতে জড়িত সমগ্ৰ বিষয়ৰ নিপুণতা আহৰণ কৰা।
  • মান বৈশিষ্ট্য ব্যৱহাৰৰ উন্নীতকৰণেৰে পথ, দলং, সুৰঙ্গ আৰু পথ পৰিবহণৰ দিশত অগ্ৰণী প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰা।
  • পৰিষ্কাৰ, কম প্ৰগাঢ় শক্তিসম্পন্ন আৰু কম প্ৰদূষণ সৃষ্টি কৰা নিৰ্মাণ প্ৰযুক্তি, পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰি তোলা পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ আহৰণ হ্ৰাস কৰি পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনা (ইনভাইৰণমেণ্ট মেনেজমেণ্ট প্লেন) ৰ অধীনৰ নিৰ্মাণ/পৰিবহণ আঁচনিসমূহৰ বাবে কাৰ্বন ক্ৰেডিট আহৰণৰ পেশাৰ প্ৰতি উদ্গনি প্ৰদান কৰা আদি পৰিৱেশ সম্বন্ধীয় গোলকীয় উদ্যোগসমূহৰ বিকাশ সাধনৰ বাবে ইয়াক নিজকে শ্ৰেণীবদ্ধ কৰা।
  • দক্ষপূৰ্ণ আৰু সুসংহত পৰিবহণ ব্যৱস্থা আগবঢ়োৱা যিয়ে গতিশীলতা আৰু সেৱা প্ৰদান ব্যৱস্থা উভয় দিশতে গুৰুত্ব প্ৰদান কৰি সুৰক্ষিত আৰু পৰিৱেশিকভাৱে দায়িত্বশীল ৰাজহুৱা সেৱা প্ৰদান কৰে।
  • যান বাহন নিয়মসমূহ পালন কৰিবলৈ জনসচেতনতা সৃষ্টি কৰা।
  • পথ আৰু পথ পৰিবহণৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত পৰিকল্পনা আৰু আৰ্হি প্ৰস্তুত, বিধি আৰু গৱেষণা সন্দৰ্ভত পৰামৰ্শ প্ৰদান

যোগাযোগ সবিশেষ

শ্ৰী ডি সাম সিং নয়াগম
ডেপুটি সচিব (ভাৰপ্ৰাপ্ত)
ইণ্ডিয়ান ৰোডছ কংগ্ৰেছ
কামা কোটি মাৰ্গ
ছেক্টৰ-৬, আৰ কে পুৰম
নতুন দিল্লী- ১১০০২২
দূৰভাষ: ০১১-২৬১৭১৫৪৮
ই-মেইল: dsirc62@gmail.com
ৱেবচাইট: http://www.irc.nic.in