১৯৯২ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে ‘চিপিডব্লিউডি’ ৰ তেতিয়াৰ ডিৰেক্টৰ জেনেৰেল শ্ৰী অ পি গোয়েলৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠাপক সভাৰ সিদ্ধান্তমৰ্মে ইণ্ডিয়ান বিল্ডিং কংগ্ৰেছ (আইবিচি) প্ৰতিষ্ঠা হয়। এই সভাত প্ৰায় ২৫০ পেশাদাৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। চছাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট ১৮৬০ ৰ অধীনত ‘আইচিবি’ ক এক সমাজৰূপে নতুন দিল্লীত ১৯৯৩ চনৰ ২৯ মাৰ্চত পঞ্জীয়ন কৰা হয়। বৰ্তমানে ‘আইচিবি’ ত ১১৩ ৰ অধিক আনুষ্ঠানিক সদস্য, ৪০৫০ ব্যক্তিগত সদস্য আৰু ৭৫ ছাত্ৰ সদস্য আছে। এই বিস্তৃত সদস্যমণ্ডলীৰ গোটে নিৰ্মাণ অভিযান্ত্ৰিক আৰু নিৰ্মাণ উদ্যোগলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে।
ইয়াৰ দৃষ্টি বা দৰ্শন হৈছে এটি জীৱন নিৰ্বাহৰ বাবে বহনক্ষম, পৰিৱেশৰ বাবে অনুকূল, সুৰুচিসম্পন্ন, কম খৰচী, শক্তি ৰাহিকাৰক, প্ৰযুক্তিবিদ্যাৰ দ্বাৰা পৰিচালিত এটি পৰিৱেশ গঢ়ি তোলা যিয়ে ভাৰতীয় জনসাধাৰণক এটি স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰে।
প্ৰশাসক, কোষাধ্যক্ষ, পৰিকল্পক, পৰিচালক, বিকাশ সাধক, স্থপতিবিদ, গঠন কাৰ্য্যৰ সৈতে জড়িত অভিযন্তা, গৃহ অভিযন্তা, জনস্বাস্থ্য অভিযন্তা, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা, পৰিৱেশ বিজ্ঞানী, উদ্যানপালক, নিৰ্মাণকৰ্তা, নিৰ্মাণ সঁজুলিৰ প্ৰস্তুতকৰ্তা, গৱেষক, শিক্ষক ইত্যাদি আটাইবোৰ পেশাদাৰী ব্যক্তিক নিৰ্মাণ পৰিৱেশৰে সৈতে সংযোগ কৰি দেশৰ বহনক্ষম নিৰ্মাণ পৰিৱেশত তেওঁলোকৰ মত আৰু কাৰ্য্যৰ জৰিয়তে দ্ৰুত উন্নয়ন সাধনৰ উদ্দেশ্যে একেখন মঞ্চত একত্ৰিত কৰা।
শেহতীয়া মানদণ্ডৰ আৰ্হি গ্ৰহণ, ষ্টেট অভ দ্য আৰ্ট প্ৰেক্টিচেছ আৰু নতুন সঁজুলিৰ ব্যৱহাৰেৰে নিৰ্মাণ পৰিৱেশৰ ধাৰণা গ্ৰহণৰ অনুশীলন, পৰিকল্পনা, নক্সা প্ৰস্তুত, নিৰ্মাণ, যত্ন আৰু পৰিচালনা আদিৰ দিশত অগ্ৰগতি সাধন আৰু উৎসাহ প্ৰদান। নিৰ্মিত পৰিৱেশ, কাম কৰা অৱস্থা, নিৰ্মাণ কৰ্মীৰ সাধাৰণ কল্যাণ সাধন আদি বিষয়ৰ উন্নীতকৰণৰ বাবে চৰকাৰক পৰামৰ্শ প্ৰদান কৰা আৰু নিৰ্মাণ পৰিৱেশৰ সন্দৰ্ভত তলত উল্লিখিত লক্ষ্যসমূহত উপনীত হ’বলৈ মত গ্ৰহণ কৰা:
ইণ্ডিয়ান বিল্ডিং কংগ্ৰেছ
ছেক্টৰ-৪, আৰ কে পুৰম,
নতুন দিল্লী- ১১০০২২
দূৰভাষ: ০১১-২৬১৬৯৫৩১, ২৬১৭০১৯৭
ই-মেইল: info@ibc.org.in
ৱেবচাইট: http://ibc.org.in