চিহ্নাংকসূচী:
- পানী যোৱা নলা নিৰ্মাণ আদি কাৰ্য্যৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এনে উপযোগিতা সেৱাৰ অনুমতি প্ৰদান কৰা হয়।
- নিৰ্মিত পানী পৰিবাহী নলাসমূহ নলাৰ পৰা নলালৈ সংযোগী হ’ব লাগে। মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে আৰু ‘আইআৰচি’ য়ে তৈয়াৰ কৰা নক্সা অনুসৰি পানী পৰিবাহী নলাসমূহ নিৰ্মাণ কৰিব লাগে।
- ঘাইপথ কৰ্তৃপক্ষলৈ নিৰ্দেশিত নিৰ্দেশসমূহ পালন কৰি আবেদনসমূহ অনলাইনযোগে প্ৰেৰণ কৰিব লাগে।
অৱলোকন
সবাটোকৈ মূল্যবান প্ৰাকৃতিক সম্পদ উপলব্ধ হোৱা ভূখণ্ড সংহত আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱহাৰ কৰাটো এক জটিল দিশ হিচাপে পৰিগণিত। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য্য এনে এক কাৰ্য্যৰ উদাহৰণ। কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে এনে উপযোগিতা সেৱা পথৰ অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ দিশত প্ৰদান কৰিব পৰা হয়। পথ ব্যৱহাৰকাৰী আৰু পৰিৱেশৰ সুৰক্ষা এই উভয় দিশৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইয়াৰ বাবে বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। ৰাষ্ট্ৰীয় ঘাইপথ নিয়ন্ত্ৰণ (ভূমি আৰু যান বাহন) আইন ২০০২ ত ‘আৰঅডব্লিউ’ ৰ প্ৰশাসনিক দিশসমূহৰ বিষয়ে আৰু ২০০৪ ত প্ৰাসংগিক নিয়মসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।
প্ৰক্ৰিয়া গতি:
- গড়কাপ্তানি বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ) ৰ কাৰ্য্যবাহী অভিযন্তালৈ আবেদন কৰিব লাগে।
- কোনো ওজৰ আপত্তি বা দাবীৰ বাবে এই আবেদনপত্ৰ ৩০ দিনৰ বাবে ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰিব লাগে।
- ৰাজহুৱা দাবী বা ওজৰ-আপত্তিৰ বাবে নিৰ্ধাৰিত কৰা ৩০ দিনৰ অন্তত উপযোগিতা সেৱা সম্পাদনৰ বাবে অনুমতি প্ৰদান কৰা হয়।
প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশাৱলীসমূহ:
প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশাৱলীসমূহৰ বিষয়ে অধিক জানিবৰ বাবে,
ক্লিক কৰক। মাচুল:
- ঘাইপথৰ ভূমি ব্যৱহাৰ কৰাৰ উদ্দেশ্যে প্ৰদান কৰা অনুজ্ঞাপত্ৰক দুটা শ্ৰেণীত বিভক্ত কৰা হয় – ৰাজহুৱা ব্যৱহাৰ আৰু ঔদ্যোগিক ব্যৱহাৰ।
- অনুজ্ঞাপত্ৰৰ মাচুল (ধনৰ পৰিমাণ/বৰ্গফুট/মাহ) = (ব্যৱহৃত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি x প্ৰতি বৰ্গক্ষেত্ৰৰ আৱৰ্ত হাৰ)/১০x১২
- যিখিনি সময়সীমাৰ বাবে অনুমতি প্ৰদান কৰা হয় সেই সময়সীমাৰ মাচুল আগতীয়াকৈ প্ৰদান কৰিব লাগে।
- অনুমতি প্ৰদানৰ প্ৰক্ৰিয়া কালত আৰু লীজ চুক্তিত স্বাক্ষৰ কৰাৰ আগতে উপযোগিতা সেৱা প্ৰদানকাৰীয়ে বেংক গ্যাৰেণ্টিৰ আনুষ্ঠানিকতা পথৰ প্ৰতি মিটাৰ হিচাপত মূল্যৰে সৈতে স্পষ্ট উল্লেখেৰে সম্পন্ন কৰিব লাগে।
- পাইপ আদি প্ৰয়োজনীয় উপযোগিতা সেৱা বাবে প্ৰতি মিটাৰত প্ৰয়োজন হোৱা মূল্য তলত উল্লেখ কৰা ধৰণৰ:
(ক) নলীৰ বাবে প্ৰদান কৰা হোৱা = ৫০ টকা
(খ) (গ) ডায়ামিটাৰ > ৩০০ মিলিমিটাৰ কিন্তু বহল (ঘ) > ১০০০ মিলিমিটাৰ = ৫০০ টকা
(ঙ) টাৱাৰ আদিৰ দৰে উপযোগিতা সেৱাসমূহ (মূল্য টকাত/বৰ্গমিটাৰ) = ১০০ টকা
প্ৰয়োজন হোৱা নথিপত্ৰসমূহ:
- কৰ্তৃত্বশীল সংস্থা যেনে বিদ্যুৎ সঞ্চালকালয়, চীফ কণ্ট্ৰোলাৰ ইক্সপ্ল’চিভছ, পেট্ৰ’লিয়াম এণ্ড এক্সপ্ল’চিভছ ছেফটি ওৰ্গেনাইজেশ্যন, অয়েল ইণ্ডাষ্ট্ৰী ছেফটি ডিৰেক্টৰেট, ৰাজ্যিক/কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ইত্যাদিৰ পৰা নিৰাপদ নিৰ্দেশ লাভ।
- সূচী/প্ৰধান পৰিকল্পনা।
কেনেকৈ আবেদন কৰিব:
গড়কাপ্তানি বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ) ৰ সংশ্লিষ্ট কাৰ্য্যবাহী অভিযন্তালৈ আবেদন কৰিব লাগে।
এই নিৰ্দেশনাৱলীত নমুনা আবেদন প্ৰ-পত্ৰ উপলব্ধ।
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত অনুপ্ৰস্থ বা অনুদৈৰ্ঘ্য ৰূপত উপযোগিতা সেৱাৰ প্ৰদানৰ উদ্দেশ্যে ‘এনঅচি’ বিষয়ক কিবা জানিবলগীয়া কথা থাকিলে যোগাযোগ কৰিব পাৰে:
মৃন্ময় বৰুৱা
কাৰ্য্যবাহী অভিযন্তা, বিআৰডি পথ শাখা
মুখ্য অভিযন্তাৰ কাৰ্য্যালয়, গড়কাপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্য্য)
অসম, চান্দমাৰি, গুৱাহাটী ৭৮১ ০০৩
ই-মেইল: mrinmoyb1960@gmail.com