মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

গৃহ সঞ্চালকালয়

গড়কাপ্তানি গৃহ সঞ্চালকালয়ৰ কৃতিত্বসমূহ

বহু গুৰুত্বপূৰ্ণ আৰু মৰ্যাদাসম্পন্ন আৱাসিক আৰু অ-আৱাসিক চৰকাৰী গৃহ যেনে ৰাজ্যিক সচিবালয় গৃহ চৌহদ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় গৃহ, গুৱাহাটী উচ্চ ন্যায়ালয়, কৰ আয়ুক্ত বিষয়াৰ কাৰ্য্যালয় গৃহ, আইএএছ কলনি, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, গেমছ ভিলেজকে আদি কৰি বিভিন্ন জিলাত বহুটো গুৰুত্বপূৰ্ণ গৃহসমূহ যেনে জিলা আদালত, চিকিৎসালয়, পিএইছচি, ৰাজহ চক্ৰ কাৰ্য্যালয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগৰ অধীনৰ গৃহসমূহৰ নিৰ্মাণ কাৰ্য্য গড়কাপ্তানি বিভাগে সম্পন্ন কৰে।

ইয়াৰ নিৰ্মাণ কাৰ্য্যৰ দীঘলীয়া কাৰ্য্যকালৰ সময়ছোৱাত তেজপুৰ আৰু বৰপেটাত দুখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এখন ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, আমিনগাঁও, গুৱাহাটীত থকা ৰাষ্ট্ৰীয় আইন বিদ্যালয় আৰু জুডিশ্যাল একাডেমি আৰু শিক্ষা বিভাগৰ অধীনৰ বিভিন্ন ভৱন গড়কাপ্তানি (গৃহ আৰু ঘাইপথ) ৰ বৰ্তমানৰ আন্তঃগাঁথনিৰে কৰিবলৈ লোৱা হয়। বাংগালুৰু, চেন্নাই, ভেলোৰ, মুম্বাই আৰু শ্বিলঙত থকা অসম ভৱনৰ কাৰ্য্য ইতিমধ্যে এই বিভাগে সম্পন্ন কৰিছে। কলকাতাৰ চল্ট লেক ক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া অতিৰিক্ত অসম ভৱনৰ কাৰ্য্য অনতিপলমে আৰম্ভ কৰা হ’ব। এই বিভাগৰ আদৰ্শবাণী হৈছে নিৰ্মাণ উদ্যোগ আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত সৰ্বোৎকৃষ্ট মানদণ্ডৰ সেৱা সময়মতে প্ৰদান কৰা।

গুৰুত্বপূৰ্ণ আঁচনিসমূহ

দিশপুৰৰ নতুন এলএ ভৱন

পৰিমাণ: ২৩৪৮৪ লক্ষ টকা।
নিবিদা মূল্য: ১৭৭১২.০৮ লক্ষ টকা।
ঠিকা লোৱা প্ৰতিষ্ঠানৰ নাম: চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড
চলন্ত আগধন: ৮৮৫.৬০ টকা।

কাৰ্য্যৰ পৰিধি:
(ক) এএলএ গৃহ
(খ) অনুলগ্নক ১ আৰু ২
(গ) বহু খলপীয়া গাড়ী ৰখোৱা স্থান।

শ্বিলঙৰ স্তনিলেণ্ডত বহুমহলীয়া অসম গৃহ

প্ৰস্তাৱিত নিৰ্মাণকাৰ্য্য
এ/এ এমাউণ্ট: ৫৭৩৫২১৩০ টকা
নিবিদা পৰিমাণ: ৫৭৩৫২১৩০ টকা
ঠিকা লোৱা প্ৰতিষ্ঠানৰ নাম: আই এছ ট্ৰেডিং এণ্ড কোম্পানী
সামগ্ৰিক অগ্ৰগতি: ১০০%

মহলাক্ষেত্ৰ (স্কোয়াৰ মিটাৰ)সুবিধামুঠ সুবিধা
নিম্ন ভূমি মহলা৪৮৬.৪৮বৈঠক কক্ষ আৰু দহখন গাড়ী ৰখোৱাৰ সুবিধা।

দ্বৈত শয়ন কক্ষ ৩৫ টা,
ভিআইপি চ্যুট দুটা
বৈঠক কক্ষ এটা
আৱাস এটা আৰু সম্পৰ্কীয় আটাইবোৰ সুবিধা যেনে লবি, মনোৰঞ্জন, খোৱা-লোৱা কক্ষ, কাৰ্য্যালয় স্থান, গাড়ী ৰখোৱা স্থান ইত্যাদি। এই ভৱনৰ ক্ষেত্ৰ ৩১৭২.৪৮ স্কোয়াৰ মিটাৰ।

উচ্চ ভূমি মহলা৯৫০খোৱা-লোৱা, অভ্যৰ্থনা, পাকঘৰ, বস্তু ৰখা ভঁৰাল, গুৰুত্বপূৰ্ণ ব্যক্তি থকাৰ সুবিধা, পৰ্যটক তথ্য কেন্দ্ৰ, কাৰ্য্যালয়, আৱাস এটা, দ্বৈত শয়ন কক্ষ পাঁচটা।
প্ৰথম মহলা৮৬৮দ্বৈত শয়ন কক্ষ ১৬ টা, পৰিয়ালৰ বাবে কোঠা দুটা।
দ্বিতীয় মহলা৮৬৮ভিআইপি চ্যুট দুটা, দ্বৈত শয়ন কক্ষ ১০ টা, পৰিয়ালৰ বাবে কোঠা দুটা।

ভাসি, মুম্বাইৰ প্ল’ট নং ২৮, ছেক্টৰ ৩০এ ত থকা অসম ভৱন

কাৰ্য্যৰ নাম :  Construction of vertical extension of 2nd, 3rd & 4th floor of Assam Bhawan at Navi Mumbai.
অনুমোদিত ধনৰ পৰিমাণ: ৪৩৬.৫৬ লক্ষ টকা।
ঠিকা লোৱা প্ৰতিষ্ঠানৰ নাম: বিল্ডৰাইট কনষ্ট্ৰাকশ্যন।
সামগ্ৰিক অগ্ৰগতি: ১০০%
বিত্তীয় অগ্ৰগতি: ৪১৪.৩০ লক্ষ টকা।

মহলাক্ষেত্ৰ (স্কোয়াৰ মিটাৰ)সুবিধামুঠ সুবিধা
ভূমি মহলা৯৮৬প্ৰদৰ্শনী, পি ডব্লিউ ডি/জি এ ডি কাৰ্য্যালয়, ডি আৰ চি কাৰ্য্যালয়, এটা কৰ্মচাৰী কক্ষ, এটা হল, সাধাৰণ অনাময় কক্ষ, তিনিটা লবি, ৰিচেপশ্যন কাউণ্টাৰ।ভিআইপি চ্যুট দুটা
জ্যেষ্ঠ বিষয়াৰ কক্ষ পাঁচটা
অতিথি কক্ষ ৩০ টা
কৰ্মচাৰীৰ কোৱাৰ্টাৰ তিনিটা।
প্ৰথম মহলা৯৮৪দুটা কৰ্মচাৰী কোৱাৰ্টাৰ, এটা পুৰুষ আৱাস, এটা মহিলা আৱাস, ৯ টা কোঠালি।
দ্বিতীয় মহলা৯৩৬ভিআইপি চ্যুট দুটা, বৈঠক কক্ষ এটা, উপযোগিতা ক্ষেত্ৰ, ভিআইপি আহাৰ গ্ৰহণ কক্ষ, উচ্চ পৰ্যায়ৰ বিষয়া গোট পাঁচটা, বৈঠকৰ বাবে ডাইনিং কক্ষ এটা, বাৰান্দা, বাগিচা দুখন।
তৃতীয় মহলা৮০৫১৮ টা কোঠালি, এটা ষ্টৰ ৰূম, এটা পুথিভঁৰাল।
চতুৰ্থ মহলা৭৬৫তিনিটা কৰ্মচাৰী কোৱাৰ্টাৰ, তিনিটা অতিথি কক্ষ, এটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীত কক্ষ, এটা পুৰুষ আৱাস, এটা সাধাৰণ কক্ষ।
 

ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বৰপেটা, অসম

প্ৰশাসনিক অনুমোদন: ১৬৬.৭৬ কোটি টকা।
সংশোধিত প্ৰশাসনিক অনুমোদন: ২৫৫ কোটি টকা।
ঠিকা লোৱা প্ৰতিষ্ঠানৰ নাম: ইঞ্জিনিয়াৰিং প্ৰজেক্ট ইণ্ডিয়া লিমিটেড, কলকাতা
বিত্তীয় অগ্ৰগতি: ১০০%
ঠিকা পৰিমাণ: ২০৫.৭৫ কোটি টকা।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়, বিহগুৰি, তেজপুৰ

স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ, ম’হবন্ধা, যোৰহাট

পৰিমাণ: ৬২০৭.৫৭ লক্ষ টকা।

জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা স্মাৰক

পৰিমাণ: ১৩৯৫ লক্ষ টকা।
সামগ্ৰিক অগ্ৰগতি: ৯৮%
বিত্তীয় অগ্ৰগতি: ১০০৩.৬২২৭৬ লক্ষ টকা।

আভ্যন্তৰীণ কাৰ্য্যৰ বাবে:
পৰিমাণ: ৩৮০ লক্ষ টকা।
সামগ্ৰিক অগ্ৰগতি: ৫০%
বিত্তীয় অগ্ৰগতি: নাই।

এছপিএ/এচিএ এইছ/এ ৪০৫৯ পৰিকল্পনাৰ অধীনৰ গুৱাহাটীৰ আমিনগাওঁত থকা অসম জুডিশ্যাল একাডেমি আৰু নেচন্যাল ল’ স্কুল

এ/এ এমাউণ্ট: ১০,০০০ লক্ষ টকা।
নিবিদা মূল্য: ৪২০৬.২৪ লাখ টকা (পেকেজ ১)/৪৪০০.২৫ লাখ টকা (পেকেজ ২)
সামগ্ৰিক অগ্ৰগতি: ৮০%
ঠিকা লোৱা প্ৰতিষ্ঠানৰ নাম: এম/এছ ট্ৰিবেণী কোনচ লিমিটেড (পেকেজ ১), এম/এছ এমবিএল ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (পেকেজ ২)